মিচিং লিপিৰ বিৱর্তন

Short Summary in English – “The Evolution of the Mising Script” by Dr. Dipok Kumar Doley, focuses on the historical and linguistic development of the writing system associated with the Mising language. It presents a detailed overview of the phonological elements, particularly the vowels and consonants, that form the foundation of the language. The document outlines the primary vowel set — A, E, I, O, U — and consonants such as B, D, G, J, K, L, M, and N. It highlights how the Mising script has evolved over time to adapt to the specific phonetic needs of the language community. An important aspect of this evolution is the incorporation of additional characters like Ng, Ny, C, and V. These additions were necessary to accurately represent sounds unique to Mising, which were not adequately covered by the standard Roman alphabet. Through these adjustments, the script has become more capable of faithfully representing the phonetic structure of the languageThe document also emphasizes the careful modifications made to ensure that the writing system remains practical for everyday use while staying true to the linguistic identity of the Mising people. It reflects ongoing efforts within the community to standardize their script, promoting literacy and cultural preservation. Although the document mainly concentrates on the technical aspects of script development, it also indirectly sheds light on the broader cultural importance of maintaining a writing system that resonates with the spoken form of Mising. 

Overall, “The Evolution of the Mising Script” provides valuable insights into the systematic efforts made by the Mising community to document and refine their language in written form. It demonstrates a deep engagement with linguistic precision and a strong commitment to cultural heritage through language development. 

যিকোনো ভাষাৰ প্রধান উপাদান পাঁচটা। সেই কেইটা হ’ল- লিপি, ব্যাকৰণ, অভিধান, উপভাষা আৰু সাহিত্য চর্চা । এই পাঁচোটা আধাৰ বা উপাদানে যিকোনো এটা ভাষাকে ভাষাৰ পূর্ণাংগ মানদণ্ড প্রদান কৰে। তাৰ বাবে লাগিব এই পাঁচোটাৰ বিজ্ঞান সম্মত তথা গ্রহণযোগ্য আৰু প্রণালীবদ্ধ অধ্যয়ন। সাহিত্য চর্চাৰ জৰিয়তে একোটা ভাষাই সৃজনীশীল আৰু প্রবল বোৱতী শক্তি লাভ কৰে। সাহিত্য চর্চাৰ অবিহনে এটা ভাষা বিপন্ন হৈ মৃত্যুমুখত পৰিব পাৰে। উপভাষা অবিহনে এটা ভাষাৰ প্রকাশিকা শক্তি আৰু ভাষা-বৈচিত্র পৰিলক্ষিত নহয়। উপভাষাবোৰে একোটা ভাষাক খণ্ডিত ৰূপৰ পৰা অখণ্ডিত ৰূপ প্রদান কৰে। অভিধান অবিহনে ভাষাৰ মূল শব্দ ভাণ্ডাৰ স্থায়ী নহয়। পবিবর্তিত ৰূপত অগণন অন্য ভাষাৰ আগ্রাসনত এটা ভাষাৰ একো একোটা শব্দৰ বিপন্ন বা মৃত্যু পর্যন্ত হ’ব পাৰে। অর্থ সংকোচন বা পৰিবৰ্তন হয়। উদাহৰণ- অসমীয়া ভাষাৰ ‘কুশীলৱ’ শব্দ। শংকৰদেৱৰ নাটসমূহত নায়কক বুজাবলৈ ব্যৱহাৰ কৰা এসময়ৰ জনপ্রিয় কুশীলৱ শব্দ আজিও অসমীয়া ভাষীৰ বাবে অপৰিচিত। মিচিং ভাষাত ব্যৱহাৰ কৰা ‘চিবে’ শব্দৰ অর্থ বান্দৰ। আজি-কালি মিচিং সকলৰ বাবে এই চিবে শব্দৰ অৰ্থ বান্দৰৰ পৰিৱৰ্তে গালি-শপনিত ব্যৱহাৰ কৰা অশ্লীল শব্দলৈ ৰূপান্তৰ হৈছে। তেনে বহু মৌলিক শব্দৰ আশ্রয়স্থল অভিধান। ব্যাকৰণে ভাষাৰ সমস্ত পৰিবেশটোকে পৰিচালিত কৰে। বর্ণ, ধ্বনি, ৰূপ, ৰূপ-সংযোগ, ক্রিয়া, ধাতু সকলোবোৰকে সুসংহত ৰূপ প্রদান কৰে ব্যাকৰণে। এই সকলোবোৰৰ আঁৰত মুখ্য ভূমিকা গ্রহণ কৰে লিপিয়ে।

একোটা ভাষাৰ গৌৰব আৰু সৌন্দর্য হ’ল সেই ভাষাটোৰ লিপি। লিপিৰ সৃষ্টি, উদ্ভব আৰু বিবর্তন বিস্ময়কৰ। জগতত অজস্র ভাষা আৰু লিপি আছে। প্রত্যেকটো লিপিৰ জন্মৰ আঁৰত লৌকিক আৰু অতিলৌকিক কাহিনী লক্ষ্য কৰা যায়। সকলোৰে লিপি ঈশ্বৰপ্রদত্ত আছিল বুলি মানুহে বিশ্বাস কৰি আহিছে। লিপি সৃষ্টিৰ আঁৰত ভাৰতীয় ব্রাহ্মী লিপিৰ ভ্ৰষ্টা ব্রহ্মা। গ্রীক লিপিৰ স্রষ্টা হর্মিচ, পেলমিভচ, প্রমেথিউ, লিন’জ। চীনা লিপিৰ স্রষ্টা ৱেনচাং। ফিনিচীয় লিপিৰ স্রষ্টা কেদমচ। ৰোমান লিপিৰ স্রষ্টা মার্কুৰী। সেই লিপিবোৰ ক্রমবিবর্তনৰ সুদীর্ঘ ইতিহাসত ন ন ৰূপ ধাৰণ কৰি মানুহৰ বুদ্ধিমত্তা আৰু কৌশল প্রয়োগত অভূতপূর্বভাবে বিকশিত হৈছে।

মিচিং ভাষা পৃথিবীৰ দ্বিতীয় সর্ববৃহৎ চীন তিব্বতীয় ভাষা পৰিয়ালৰ তিব্বত-বর্মীয় শাখাৰ পৰা বিকাশ লাভ কৰিছে। চাৰ জর্জ আব্রাহাম গ্রীয়ার্চন প্রমুখ্যে বহু গৰাকী ভাষা-গবেষকে তিব্বত-বর্মীয় শাখাৰ উত্তৰ-অসম উপশাখাৰ ভাষা হিচাপে মিচিং ভাষাক উনুকিয়াইছে। উত্তৰ-অসম শাখা বুলি নামকৰণ কৰা শাখাৰ অন্তৰ্গত আদি (আবৰ), মিচমি, হ্ৰুচু (আঁকা), ডফলা, মিচিং (মিৰি) ভাষী সকলে তেওঁলোকৰ ভাষাক ‘তানি আগম’ বুলি অভিহিত কৰে । উল্লিখিত পাঁচোটা তানি ভাষাৰ অন্তর্ভুক্ত ভাষাবোৰ একেই ভগ্নী ভাষা। এই পাঁচোটা ভাষাৰে নিজা লিপি নাই । মিচিংসকলৰ বিশ্বাসমতে সৃষ্টিকর্তাই মিচিং সকলৰ বাবে সৃষ্টিৰ পাতনিতে লিপি বা আবৃগ প্রদান কৰিছিল । মিচিং সকলে তেওঁলোকৰ লিপিক পহুৰ ছালত সংৰক্ষণ কৰি ৰাখিছিল। পহুৰ ছালত যথাবৎ সংৰক্ষণ কৰি যাৰ ঘৰত সেই লিপিবোৰ ৰখা হৈছিল, এদিনাখন মানুহজনে চিকাৰ কৰিবলৈ গৈ একো এটা চিকাৰত নাপাই চিন্তিত হয়। তেনেতে তাৰ মনত কূটবুদ্ধি এটা খেলায়। সি ভাবিলে যে পহুৰ ছালত লিপিবোৰ সাঁচি ৰখাতকৈ পেটৰ ভিতৰত সংৰক্ষণ কৰিলে যুগমীয়া হৈ থাকিব। কিয়নো, এটা সময়ত পহুৰ ছাল নষ্ট হোৱাৰ সম্ভাবনা থাকে। ভবামতেই মানুহজনে লিপিবোৰ ভক্ষণ কৰি পেলায়। সিদিনাখনৰ পৰাই এই পৃথিবীৰপৰা মিচিং লিপি বিলুপ্ত হৈ যায়। এনে কাহিনীবোৰ বিজ্ঞানসম্মত নহয় যদিও লিপিবোৰ যে ঈশ্বৰ প্রদত্ত নহ’লেও ঐশ্বৰিক শক্তিযুক্ত মানৱৰেই সৃষ্টি, এই কথাও নুই কৰিব নোৱাৰি ।

বুদ্ধিমত্তা মানুহৰ অদ্ভুত উদ্ভাৱনবোৰৰ ভিতৰত ভাষাক চমৎকাৰ সৃষ্টি বুলি ক’ব পাৰি। একো একোটা ভাষাৰ শৰীৰস্বৰূপ লিপিও বিস্ময়কৰ সৃষ্টি। পৰিতাপৰ বিষয় যে জগতৰ লিপিহীন অজস্র ভাষাৰ ভিতৰত তানি ভাষাও পৰে। ভাৰতবৰ্ষৰ উত্তৰ-পূর্বাঞ্চলত ইতিহাসে ঢুকি নোপোৱা কালৰে পৰা বসবাস কৰা নিজকে আবুতানিৰ বংশধৰ তানি ভাষী বুলি পৰিচয় প্রদান কৰা ভাষাবোৰক নিচেই ওচৰতে থকা অসমীয়া, বাংলা, উৰিয়া, হিন্দী ভাষাবোৰে প্রভাবিত কৰাৰ ফলস্বৰূপে সেই ভাষীক লোকসকলৰ মাজত ভাষা চেতনাৰ বীজ অংকুৰিত হয় বুলি ক’লেও বঢ়াই কোৱা নহ’ব। উনবিংশ শতিকাৰ মাজ ভাগত খ্ৰীষ্টান মিচনেৰি সকলৰ প্রযত্নত অলিখিত ৰূপত থকা লিপিহীন বহু ভাষাই সাহিত্যৰ পথাৰত বসন্তৰ আগজাননী পোৱাৰ নিচিনা হৈছিল। উইলিয়ম ৰবিন্সন, জে.এইচ. লৰেইন, জে.এফ. নীডহামৰ নিচিনা ভাষাৰ গৱেষক, চিন্তাবিদে ব্যাকৰণ, অভিধান, কাহিনী আদি ৰচনা কৰি আদি, মিচিং (আবৰ-মিৰি) ভাষাৰ বাবে সৰলীকৃত ৰূপত ৰোমান লিপি ব্যৱহাৰ কৰিছিল। উনবিংশ শতিকাৰ মাজ ভাগৰে পৰা বিংশ শতিকাৰ প্রথম দশকলৈ মিচনেৰি সকলে যি উদ্দেশ্যৰেই আদি, মিচিং ভাষাত পুথি-পাজি ৰচনা কৰি প্রকাশ কৰিছিল, পৰিতাপৰ বিষয় যে, সেই সময়ত শিক্ষিত আদি, মিচিং নাগৰিক আঙুলিৰ মূৰত গণিব পৰা অবস্থাত আছিল বাবে, সেই ভাষাৰ সাহিত্যৰ ফুল ফুলোৱা পৰিলক্ষিত নহৈছিল। অবশ্যে ইতিহাস সৃষ্টি কৰা মিচনেৰি সকলৰ অবদানে পৰৱর্তী সময়ত বসন্ত সৃষ্টি কৰাই নহয়, সাহিত্যৰ পাহি মেলোৱাও দেখা গ’ল। সেই বসন্তৰ বা লাগি থকা সমাজ জীবনলৈ পৰবর্তী সময়ৰ সু-সন্তানে ভাষা, সাহিত্যৰ ফুল ফুলোৱাৰ প্রশ্নতেই আলোড়ন সৃষ্টি কৰিছিল মিচিং ভাষাৰ বাবে উপযুক্ত লিপি কি হোৱা উচিত (?) এই বিষয়টোক লৈ অনুসন্ধানৰ। ইফালে মিচনেৰি সকলেও বিজ্ঞান সম্মত মিচিং লিপি প্রস্তুত কৰি লেখা-মেলা কৰাৰ নজিৰ নাই। প্রয়োজনৰ অবশ্যম্ভাবীত তেওঁলোকে সহজ-সৰল ৰূপৰ ৰোমান লিপিকে মিচিং ভাষাৰ বাবে প্রয়োগ কৰাৰ ফলত সেইবোৰত সম্পূর্ণকৈ মিচিং ভাষাৰ উচ্চাৰণ ৰক্ষিত নহৈছিল।

সাহিত্যৰ পথাৰৰ নিচিনাকৈ ভাষাৰ পথাৰত আবেগ, কল্পনা আদিৰ স্থান নাই। ভাষাৰ অধ্যয়ন প্রণালীবদ্ধ, সুসংহত আৰু পোনপটীয়া হ’ব লাগে। এইটো বিষয়ক সাৰোগত কৰিয়েই আৰ্য মূলীয় উন্নত ভাষাই জনপ্রিয়তাৰ শিখৰত থকা সময়ছোৱাতো উদ্যোগী, চিন্তাশীল এমুঠি সুশিক্ষিত মিচিং সন্তানৰ প্রচেষ্টাত অসমতে মিচিং ভাষাৰ বাবে উপযুক্ত লিপিৰ সন্ধান আৰম্ভ হৈছিল কুৰি শতিকাৰ সত্তৰ দশকৰ দোকমোকালিত। লিপি সন্ধানকাৰী মিচিং লিপিবিদ সকলে অনুধাৱন কৰিব পাৰিছিল যে, অসম ৰাজ্যখনত সৰহভাগ ভাষাবিদ, সাহিত্যিক আৰু বুদ্ধিজীবীয়ে লিপিহীন মিচিং ভাষাৰ বাবে ভাৰতীয় ব্ৰাক্ষী লিপিৰ পৰা বিকাশ লাভ কৰা দেৱনাগৰি বা অসমীয়া লিপিকেই মিচিং ভাষাৰ বাবে সমর্থন কৰিব। কিয়নো, অসমীয়া লিপি গ্রহণ কৰিলে অসমীয়া ভাষা-সাহিত্যৰ পণ্ডিত, চিন্তাবিদ সকলেও অনায়াসে মিচিং ভাষা চর্চা আৰু গৱেষণা কৰিবলৈ ক্ষেত্ৰ এখন পাব। সময়ে সময়ে কর্মশালা আয়োজন কৰি উপযুক্ত লিপি সন্ধানৰ পথত অসমীয়া লিপিকেই প্রথম অৱস্থাত প্ৰয়োগ কৰাৰ  প্রচেষ্টা  আৰম্ভ হয়। মিচিং ভাষাৰ বাবে অসমীয়া লিপি প্রয়োগ কৰাৰ ক্ষেত্রত সেই সময়ৰ গবেষক, অধ্যাপক নাহেন্দ্ৰ পাদুনক সম্পৰীক্ষাৰ দায়িত্ব অর্পণ কৰা হৈছিল। ভাষাৰ অধ্যাপক নাহেন্দ্র পাদুনে মিচিং ভাষাৰ উপযোগী হোৱাকৈ লিপিৰ প্ৰয়োগৰ সুবিধা অসুবিধাবোৰক উনুকিয়াই ১৯৬৮ চনতে এখন পুস্তিকা প্রকাশ কৰি উলিয়ায় “মিচিং ভাষাৰ লিপি-এটা পৰীক্ষামূলক আঁচনি”। মিচিং ভাষাৰ উপযোগী লিপি সন্ধানৰ নেতৃত্বত আছিল ১৯৬৮ চনত গঠন কৰা গুৱাহাটী মিচিং কৗবাং। অধ্যাপক নাহেন্দ্র পাদুনে যুগুত কৰা প্রতিবেদন কৗবাংত কৗবাংৰ সদস্যবর্গই গ্রহণ কৰি সমর্থন আগবঢ়ায়। পৰবৰ্তী সময়ত নাহেন্দ্র পাদুনৰ সম্পাদনাত প্রকাশ পায় ‘মিচিং আগম লুয়িৰ’ নামৰ পুথিখন। অধ্যাপক নাহেন্দ্র পাদুনে লিখিছে-“অসমীয়া লিপিৰে মিচিং ভাষা প্রকাশৰ আঁচনি লোৱাৰ পিছত দেৱনাগৰী লিপিত সম্পৰীক্ষা চলোৱাৰ কথা আছিল। পিছে, দেখা গ’ল যে অসমীয়া লিপিও প্রাচীন দেৱনাগৰী লিপিৰ পৰাই বিকাশ লাভ কৰা পৰিবর্তিত ৰূপ। গতিকে আখৰৰ আকৃতিৰ বাদে বর্ণমালাৰ পার্থক্য নাই। আনহাতে সাম্প্রতিক কালত দেৱনাগৰী লিপিৰ বাহক হিন্দী ভাষাৰ উচ্চাৰণ, অর্থাৎ বর্ণ বা আখৰত আৰোপিত পঠন- সেইবোৰ মিচিং ভাষাৰ লগত তেনেই অমিল। এইবোৰ কাৰণতে গুৱাহাটী মিচিং কৗবাঙে দেৱনাগৰী লিপিত সম্পৰীক্ষা কৰাৰ কথাটো বাদ দিয়ে।

ইয়াৰ পিছত ক্রমত আছিল- ৰোমান লিপি। আমাৰ বহুতৰে ধাৰণা যে ৰোমান লিপি আৰু ইংৰাজী ভাষা একে। অথবা ৰোমান লিপি। অথবা ৰোমান লিপিয়েই ইংৰাজী ভাষাৰ বাহক। এনে ভুলৰ বাবেই ৰোমান লিপিৰ কথা উত্থাপন হোৱাৰ লগে লগে ইংৰাজী ভাষাটোক সাঙুৰি দিয়ে। আচলতে ৰোমান লিপিৰ উদ্ভৱ প্রাচীন ৰোমান সাম্রাজ্য কালৰ । প্রাচীন গ্রীক, লেটিন, জার্মান ভাষাত ৰোমান লিপিৰ ব্যৱহাৰ হৈছিল। আমাৰ ভাৰতবৰ্ষৰ সংস্কৃত আৰু দেৱনাগৰী লিপিৰ সম্পৰ্কটোৰ সমকক্ষ। কিন্তু সাম্প্রতিক কালত ইংৰাজী ভাষাৰ আলমত ৰোমান লিপিৰ বিচাৰ বিবেচনা কৰা হয়। তাৰ কাৰণ দুশ বছৰীয়া ব্রিটিশ ৰাজত্বৰ কালত ভাৰতৰ সর্বত্রতে ইংৰাজী ভাষাৰ অবাধ প্রচলন। সেয়েহে ভাষা আৰু লিপিৰ একাকীত্ব মানুহে সহজে পাহৰিব নোৱাৰে I” 

মিচিং ভাষাৰ বাবে অসমীয়া লিপি গ্রহণ কৰাৰ ক্ষেত্ৰত হ’ব পৰা সুবিধা-অসুবিধাবোৰৰ ওপৰত পৰীক্ষা-নিৰীক্ষা চলোৱাৰ অন্তত ৰোমান লিপি পৰীক্ষামূলকভাবে প্রয়োগ কৰাৰ আঁচনি লোৱা হয়। ৰোমান লিপি প্রয়োগৰ দিশত সেই সময়ৰ কটন মহাবিদ্যালয়ৰ অধ্যাপক টাবু ৰাম টাইদক কমিটিয়ে দায়িত্ব অর্পণ কৰে। সেই সময়ত বৰো ভাষাৰ লিপিৰ বাবে ৰোমান লিপিক লৈ জোৰদাৰ আন্দোলন চলি আছিল। পিছে, পৰৱৰ্তী সময়ত বৰো সকলে বৰো ভাষাৰ বাবে ৰোমান আৰু অসমীয়া লিপিৰ পৰিবৰ্তে দেৱনাগৰী লিপিকে গ্রহণ কৰিছিল। অধ্যাপক টাবু ৰাম টাইদে মিচিং লিপিৰ বাবে ৰোমান লিপিয়েই উপযুক্ত বুলি যুক্তি দর্শোৱাৰ পিছতে ১৯৭২ চনত গঠন কৰা মিচিং আগম কৗবাংৰ মজিয়াত ৰোমান লিপিক লৈ পৰৱৰ্তী সময়ত সমর্থক সকলৰ উৎসাহ-উদ্দীপনাই মিচিং ভাষাৰ বাবে ৰোমান লিপি হোৱাটোকে ঠিৰাং কৰা হয়। পিছে, এচাম অসমীয়া লিপি সমর্থকৰ মাজত অভিযোগ আৰু অসন্তুষ্ট প্রকট হোৱা পৰিলক্ষিত হয়। যি কি নহওক, টাবু ৰাম টাইদে ১৯৭১ চনত গুৱাহাটী মিচিং কীবাঙৰ হৈ যুগুত কৰি উলিয়ায় “মিচিং আগম আয়য়িৰ” নামৰ পুস্তিকাখনি ৰোমান লিপিৰ জৰিয়তে। সেইখন পুস্তিকাত অধ্যাপক টাবু ৰাম টাইদে ৰোমান লিপিৰ সুবিধা আৰু গ্রহণযোগ্যতাৰ দিশবোৰ ফহিয়াই দিয়ে। সেইখন আছিল মিচিং ভাষাৰ বাবে লিপিক লৈ যুগুত কৰা তৃতীয়খন পুস্তিকা।

অধ্যাপক নাহেন্দ্র পাদুনে মিচিং ভাষাৰ বাবে অসমীয়া লিপিক লৈ আগবঢ়োৱা পৰামর্শমতে স্বৰ বর্ণ আৰু ব্যঞ্জনবর্ণৰ তালিকা আছিল এনেধৰণৰ-

স্বৰ ধ্বনি বা গমুগ- অ আ অৗ অৃ ই উ এ : । (অ আ ই উ এ অৗ অৃ এ : )

ব্যঞ্জন ধ্বনি বা মুকতৗংবোৰ-ক গ ঙ চ জ ঞ ত দ ন প ব ম ৰ ল য় ৱ হ । এই স্বৰ আৰু ব্যঞ্জন বৰ্ণবোৰৰ জৰিয়তে সহজ-সৰল ৰূপত যিকোনো মিচিং ভাষাৰ শব্দকে প্ৰকাশ কৰিব পৰা যায়।

অধ্যাপক টাবু ৰাম টাইদে ৰোমান লিপিৰ জৰিয়তে আগবঢ়োৱা স্বৰ আৰু ব্যঞ্জন বর্ণবোৰ আছিল এনেধৰণৰ-

স্বৰ ধ্বনি বা গমুগ- (প্রথম অবস্থাত) A E I O U C V: 

ব্যঞ্জন ধ্বনি বা মুকতৗংবোৰ – B D G J K L M N P R S T W Y NG NY H

স্বৰ ধ্বনি বা গমুগ (পৰৱৰ্তী সময়ত) O A I U E É Í :

ব্যঞ্জন ধ্বনি বা মুকতৗংবোৰ – KG Ng S J Ny T D N P B M R L Y W H

উল্লেখযোগ্য যে মিচিং ভাষাৰ বাবে গ্রহণ কৰা অসমীয়া লিপিবোৰৰ উচ্চাৰণ হুবহু পাণিনীয় পদ্ধতিৰে আছিল। আনহাতে মিচিং ভাষাৰ বাবে গ্রহণ কৰা ৰোমান লিপিৰ উচ্চাৰণো ৰখা হয় পাণিনীয় পদ্ধতিত। এক দোধোৰ-মোধোৰ পৰিবেশৰ মাজেৰেই ভাষাপ্রেমী সকলে মিচিং ভাষা চর্চা কৰিবলৈ লয়। পিছে, উচ্চ-মধ্য আৰু উচ্চ-কেন্দ্রীয় (অসমীয়া লিপিৰ অৗ আৰু অৃ) স্বৰ বৰ্ণৰ বাবে C আৰু V ক গ্রহণ কৰা কার্যই বিদ্বৎ মহলত প্রশ্নৰ উদ্রেক কৰায়। কিয়নো, ৰোমান লিপিত ব্যঞ্জন বৰ্ণ ৰূপে ব্যৱহাৰ কৰা C আৰু V বর্ণক কেনেকৈ মিচিং ভাষাত স্বৰ বৰ্ণ ৰূপে ব্যৱহাৰ কৰা হ’ল? অধ্যাপক টাবুৰাম টাইদৰ নেতৃত্বতে পুনৰ উক্ত সমস্যা দূৰীকৰণার্থে সমিতি গঠন কৰা হয়। উক্ত সমিতিয়ে উক্ত দুটা বৰ্ণৰ বাবে É আৰু Í এই দুটাকে গ্রহণ কৰাৰ পৰামর্শ আগবঢ়ায়। উচ্চাৰণ পাণিনীয় পদ্ধতি। ইমানতে ৰোমান লিপি গ্রহণৰ ক্ষেত্ৰত সৃষ্টি হোৱা সমস্যাৰ অন্ত নপৰিল। কিয়নো ৰোমান লিপিৰ নিজস্ব উচ্চাৰণ পদ্ধতি আছে। সেই উচ্চাৰণ পদ্ধতিক আঁৰত ৰাখি পাণিনীয় উচ্চাৰণ পদ্ধতিক তাত আৰোপ কৰা কাৰ্যই বহুতকে সন্তুষ্ট কৰিব পৰা নাছিল। অধ্যাপক টাবু ৰাম টাইদ, ডাঃ বিদ্যেশ্বৰ দলে আৰু ডা ঘন কান্ত লাগাছু তিনিও গৰাকী লিপি বিশেষজ্ঞক লৈ গঠন কৰা কমিটিয়ে পৰৱৰ্তী সময়ত অর্থাৎ ২০১৮ বর্ষত মিচিং ভাষাৰ বাবে গ্রহণ কৰা ৰোমান লিপিৰ উচ্চাৰণ ৰোমান লিপিৰ উচ্চাৰণমতেই হ’ব বুলি পৰামর্শ আগবঢ়ায়। সেই মতে মিচিং লিপি হ’ব-A B D E G H I J K L M N O P R S T U W Y Ng Ny: । মিচিং লিপিত C F Q V X এইবোৰৰ স্থান নাই। ইয়াতো প্রশ্ন উত্থাপিত হয়, বিদেশী বা ঋণ শব্দবোৰক লৈ।

লিপিহীন মিচিং ভাষাৰ বাবে ৰোমান লিপি গ্রহণ কৰি লিপি সমস্যা দূৰ কৰিব পৰা যাব বুলি যিদৰে ভৱা হৈছিল, ৰোমান লিপি গ্রহণ কৰাৰ ৫০ বছৰ অতিক্রম কৰা সময়খিনিত হোৱা মিচিং ভাষাৰ অৱস্থাই তাৰ বিপৰীত ছবিহে উদঙাই দিয়া বুলি বহুতে অভিযোগ কৰি আহিছে। কিয়নো, মিচিং ভাষাৰ পাঠকৰ সংখ্যা তেনেই সীমিত। লেখকৰ কথাও তথৈবচ। লিপিহীন ভাষা হ’লেও ভাৰতবৰ্ষৰ সংবিধানৰ গণ্ডীত দেবনাগৰী লিপি গ্রহণ কৰি অষ্টম অনুসুচীভুক্ত হোৱা বৰো ভাষাৰ অগ্রগতিয়ে অসমৰ বুকুত ৰোমান লিপি গ্রহণ কৰি ভাষা-সাহিত্য উন্নতিৰ প্রতি প্রচেষ্টা চলাই থকা কার্বি, মিচিং সকলক অনুপ্রাণিত কৰিলেও লিপিৰ প্রশ্নত চিন্তামুক্ত হ’ব পৰা নাই। কিয়নো, অসম বিধান সভাৰ মজিয়াতে চৰকাৰৰ ঘোষণা, ৰোমান লিপিৰ জৰিয়তে লিপিহীন ভাষাক সংবিধানৰ অষ্টম অনুসূচীভুক্ত কৰিব পৰা নাযায়। তাৰ বাবে ভাৰতীয় মূলৰ লিপি হ’ব লাগিব।

একোটা ভাষাত একোখন ভাষীক জনগোষ্ঠীৰ আবেগ, অনুভূতি জড়িত হৈ থাকে। পিছে, ভাষাৰ উন্নতি হয় সাহিত্য চৰ্চাৰ জৰিয়তে। সাহিত্যৰ উন্নতি হয় সাহিত্যিক আৰু পাঠকৰ জৰিয়তে। সেই সাহিত্যৰ মূল বাহক লিপি। জগতৰ সৰহভাগ ভাষাই সুদূৰ অতীজতে নিজৰ নিজৰ লিপি ধাৰণ কৰি হেলাৰঙে আগবাঢ়ি গৈছে। পৰিতাপৰ কথা যে, আজিও পৃথিবীখনত বহু ভাষা আছে, যিবোৰ ভাষাৰ নিজৰ লিপি নাই। তেনে ভাষাৰ ভিতৰত মিচিং ভাষাও পৰে। লিপিহীন মিচিং ভাষাৰ বাবে বহু বছৰ আগৰে পৰা লিপি সন্ধান, লিপিৰ সম্পৰীক্ষা চলাই গ্রহণ কৰা লিপিৰে মিচিং ভাষাৰ মঙ্গল মন্দিৰ নির্মাণ কৰাৰ দায়িত্ব আজি কাৰ হাতত ? সময়ৰ বুকুত উন্নত পদ্ধতিৰে উচ্চ শিক্ষা আহৰণ কৰা মিচিং সন্তান কিমানেনো নিজৰ মিচিং ভাষাৰ সতে পৰিচিত। যদিহে এইটো গতিৰে মিচিং ভাষা আগবাঢ়ে, তেন্তে ২০০৬ বর্ষতে ইউনেস্কই ঘোষণা কৰা বিপন্ন ভাষাৰ শাৰীত থকা মিচিং ভাষাৰ ভবিষ্যৎ কোন ফালে। হেঃ ভাষাপ্রেমী সুহৃদসকল, সময় থাকোতে ইয়াৰ সঠিক পথ মজবুত কৰাৰ সময় আজি সমাগত।

Dr. Dipok Kumar Doley is currently the Principal of Murkong Selek College, Jonai and has dedicated his career to preserving and promoting the Mising language and literature, significantly contributing to the community's cultural heritage.

Be First to Comment

Leave a Reply

Your email address will not be published. Required fields are marked *